July 28, 2026 10:00 PM

views 20

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ ৪ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ ৪ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আজি ভার্চুৱেলযোগে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসঙ্গত তেওঁ জাতিটোৰ উন্নয়ন আৰু সাংস্কৃতিক নৱজাগৰণ সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত চাৰি বছৰত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আত্ম-গৌৰৱবোধক সৰ্বাংগীন উন্নতিৰ সমান্তৰালভাৱে পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰা হৈছে।  সমগ্ৰ দেশতে ভাৰতীয়ৰ মনোভাৱ আৰু অধিক সবল কৰি তোলা চৰকাৰৰ প্ৰধান উদ্দেশ্য বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। যোৱা চাৰি...

July 22, 2026 10:01 PM

views 23

উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তি উন্মোচন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰে।  এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্রীমতী মুৰ্মুৱে কয় যে মহাত্মা গান্ধী ভাৰতৰ আছিল যদিও তেওঁৰ সত্য আৰু অহিংসাৰ বাৰ্তা বিশ্বৰ সকলো মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। বর্তমান বিশ্বত সৃষ্টি হোৱা সংঘাত, অসহিষ্ণুতা, বিভাজন আদিৰ বাবে গান্ধীৰ মতাদৰ্শ অতি প্রাসঙ্গিক।

July 21, 2026 1:52 PM

views 15

ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু উত্তৰ মেচিড’নিয়াত উপস্থিত

ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু উত্তৰ মেচিড'নিয়াত উপস্থিত হৈছে। এয়া দেশখনলৈ এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ভ্ৰমণ। ৰাষ্ট্ৰপতি মুর্মুরে এই ভ্ৰমণকালত মেচিড'নিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা ছিলজানোভস্কা-ডাভকোভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ প্ৰধানমন্ত্রী হৃষ্টিজান মিকোচি আৰু মেচিড'নিয়াৰ সংসদৰ অধ্যক্ষ আফ্ৰিম কাচিক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিড'নিয়াৰ সংসদতো ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত—উত্তৰ মেচিড’নিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল'ব।...

July 17, 2026 2:40 PM

views 26

১৯ জুলাইৰ পৰা মালডোভা উত্তৰ মেসেড’নিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে ৰাষ্ট্ৰপতি মুৰ্মুৰ যাত্ৰা আৰম্ভ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ১৯ জুলাইৰ পৰা মালডোভা উত্তৰ মেসেড’নিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে যাত্ৰা আৰম্ভ কৰিব। অহা ২০ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মালডোভা ভ্ৰমণ কৰিব আৰু তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া সেন্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ অধ্যক্ষ ইগৰ গ্ৰছুক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা-ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত কৰিব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ভাৰতীয...

July 7, 2026 6:07 PM

views 29

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেছিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্রতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্রতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে, নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্রতিযোগিতাক পূৰ্বতকৈ অধিক...

July 6, 2026 8:06 PM

views 27

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে। মুজাম্বিকৰ উচ্চায়ুক্ত আৰমান্দো পেদ্রো মুইয়ুয়ানে জুনিয়ৰ নিকাৰাগোৱাৰ ৰাষ্ট্রদূত নাদেস্কা ইমাৰা কাথবার্ট কালচন সুৰিনামৰ ৰাষ্ট্রদূত হানিচা জয়ৰাম আৰু গেবন গণৰাজ্যৰ ঔৰেলিন মাৰ্ছেল মিনচা আৰু মংগোলীয়াৰ ৰাষ্ট্রদূত ড° উলজিৎ লোহাচঞ্জেভ আৰু বাহামাৰ উচ্চায়ুক্ত পিটাৰ নিকোলাচে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰে।

June 23, 2026 2:25 PM

views 29

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানৰ কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্য মন্ত্ৰী তথা মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়ানে কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। Gষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰী কুৰিয়ানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে।

June 23, 2026 1:33 PM

views 30

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব

♦ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত দুটা পদ্ম বিভূষণ, ৭টা পদ্মভূষণ আৰু ৫৬টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ৬৫টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শর্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে ২০২৬ বৰ্ষৰ বাবে ৫টা পদ্ম বিভূষ...

June 12, 2026 8:34 PM

views 34

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডৰাডুনলৈ গৈছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডৰাডুনলৈ গৈছে। উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং আৰু মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে শ্ৰীমতী মুৰ্মু আদৰণি জনায়। নির্ধাৰিত কাৰ্যসূচী অনুসৰি শ্ৰীমতী মুৰ্মুৱে আজি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনলৈ যাব আৰু ১৩২ একৰ ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'ব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মু ডেৰাডুনৰ ভাৰতীয় মিলিটেৰী একাডেমীত হ'বলগীয়া দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত...

June 10, 2026 3:22 PM

views 40

প্রধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই গৌৰৱময় ক্ষণে শ্রীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক প্রতিপন্ন কৰিছে। প্রধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সু-প্রশাসন, অর্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ...