অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুৰ ওচৰত আবেদন দাখিল দেবব্ৰত শইকীয়া

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেবব্ৰত শইকীয়াই অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অবৈধ খনন হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওচৰত এখন আবেদন দাখিল কৰিছে।

নেতাগৰাকীয়ে চুবুৰীয়া অঞ্চলসমূহত অনিয়ন্ত্রিত খনন, বন ধ্বংস, নদীৰ তলি বাম হোৱা আৰু পাৰিপাৰ্শ্বিক অৱনতিৰ বাবে বানৰ সৃষ্টি হৈছে নেকি তাৰ মূল্যায়নৰ বাবে স্বতন্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

তেওঁ আবেদনখনৰ জৰিয়তে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত খননত নিৰীক্ষণৰ বাবে এটা স্বতন্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু অন্য বিধিগত সংস্থাসমূহক নিৰ্দেশ দিবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছে।