January 21, 2026 9:46 PM
75
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ ইউৰোপীয় সংঘ আৰু স্পেইনৰ বৈদেশিক পৰিক্ৰমা আৰু সহযোগিতা মন্ত্ৰী জোছ মেনুৱেল আলবেয়াৰ্ছৰ
ইউৰোপীয় সংঘ আৰু স্পেইনৰ বৈদেশিক পৰিক্ৰমা আৰু সহযোগিতা মন্ত্ৰী জোছ মেনুৱেল আলবেয়াৰ্ছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রোপদী মুৰ্মুক আজি ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু স্পেইনৰ মাজৰ সাংস্কৃতিক, পৰ্যটন আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত থকা সহযোগিতাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এই দ্বিপাক্ষিক সহযোগিতাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত আত্মীয়তা, কাৰিকৰী সহযোগিতা আৰু পৰ্যটনৰ ক্ষেত্ৰখনতো সহযোগিতাৰ পথ প্ৰশস্ত কৰে।