ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই গৌৰৱময় ক্ষণে শ্রীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক প্রতিপন্ন কৰিছে।
প্রধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সু-প্রশাসন, অর্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়।
ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে চৰকাৰে গ্ৰহণ কৰা ব্যাপক কল্যাণকামী পদক্ষেপে সৰ্বাত্মক উন্নয়ন আৰু সম-বিকাশ নিশ্চিত কৰাৰ লগতে তৃণমূল পৰ্যায়লৈ চৰকাৰী সা-সুবিধাসমূহ লৈ যোৱাত সহায় কৰিছে।
এই সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ ভিতৰত প্রধানমন্ত্ৰী জনমন আৰু ধৰতী আবা জনজাতীয় গ্রামীণ উৎকর্ষ অভিযান তেওঁৰ দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে বুলি শ্ৰীমতী মুৰ্মুৱে কয়।
শ্ৰীমোদীৰ এই অনুপ্ৰেৰণাদায়ক যাত্ৰাই ভাৰতৰ শক্তিশালী গণতান্ত্ৰিক পৰম্পৰাত নতুন আশা আৰু আস্থা প্রোথিত কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।