September 24, 2026 3:19 PM

views 6

সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিতঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা উচিত। গুজৰাটৰ ৱাডনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰীসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁ এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে সেৱাই পৰম ধৰ্ম কথাষাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। শ্ৰীমোদীয়ে কয় যে সেৱা হৈছে সৰ্বাধিক চালিকাশক্তি। তেওঁ কয় যে পি এম কিষাণ আৰু প...

July 17, 2026 8:58 PM

views 21

পাঞ্জাৱৰ জলন্ধৰত ৫,৪৭০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়ন প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰত ৫,৪৭০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়ন প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলন্ধৰ কেণ্টকে ধৰি পুনৰ বিকশাই তোলা ৭৫ টা ৰে'ল ষ্টেচন মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কয়, যে কেন্দ্ৰত এন ডি এ চৰকাৰে দেশৰ প্ৰতি গৰাকী নাগৰিকক তেওঁলোকৰ জীৱন-ধাৰণ অধিক সুচল কৰাৰ লগতে উন্নয়নৰ ন ন সুযোগ প্ৰদানৰ লক্ষ্যৰে অগ্ৰাধিকাৰ দি আহিছে।

July 10, 2026 7:13 PM

views 22

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে আজি মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন কৰে। এই ভ্রমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কত ক্রীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্রিকেট-ভিত্তিক সহযোগিত, ক্রীড়া আন্তঃগাঁথনি, খেলুৱৈৰ বিকাশ, জ্ঞানৰ আদান-প্রদান, আই পি এল- বি বি এল, অংশীদাৰিত্ব আৰু ২০৩২ চনত হ'বলগীয়া ৱিছবেন অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক ক্রীড়া মহোৎসৱৰ আয়োজনৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱসহ গুৰুত্বপূৰ্ণ...

July 6, 2026 8:08 PM

views 19

প্রধানমন্ত্ৰী মোদী খন্তেক সময় পূর্বে ইন্দোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময় পূৰ্বে ইন্দোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। জাকার্টা বিমান বন্দৰত প্রধানমন্ত্ৰী মোদীক ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ’ সুবিয়ান্তোই আদৰণি জনায়। বিমান বন্দৰত তেওঁক পৰম্পৰাগত ভাৰতীয় আৰু ইন্দোনেছিয়াৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে স্থানীয় ইন্দোনেছিয়াৰ সম্প্ৰদায়ে বিপুল আদৰণি জনায়। ইন্দোনেছিয়ালৈ এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ভ্ৰমণ। এই ভ্রমণসূচীত প্রধানমন্ত্ৰী মোদীয়ে ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ লব আৰু দুয়োখন দেশৰ দ্বিপাক্ষিক ...

July 1, 2026 2:33 PM

views 17

‘‘ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্রশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে’’-প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্ৰশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। ডিজিটেল ভাৰত পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ডিজিটেল ভাৰতে সকলোৰে জীৱনক চুই গৈছে। ইয়াৰ ভিতৰত ডিজিটেল লেনদেন ব্যৱস্থাই সকলোকে লাভৱান কৰাৰ লগতে লেনদেন প্রক্রিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। প্রধানমন্ত্ৰী মোদীয়ে কয়, যে প্রযুক্তিয়ে জীৱন-যাপনৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছে। প্রধানমন্ত্ৰীয়ে ডিজিটেল ভাৰতৰ জৰিয়তে দেশৰ সকলো অঞ...

June 12, 2026 4:56 PM

views 27

আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্রধানমন্ত্ৰী মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে

আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে। আমেৰিকাৰ কংগ্ৰেছ আৰু চিনেটৰ সদস্য তথা মুখ্য কোম্পানীসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰাটোৱে আমেৰিকা, ভাৰতৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বক প্রতিফলিত কৰিছে। ৱাৰ বাৰ্গ পিনকাষ্টৰ অধ্যক্ষ ছাৰ্লছ আৰ কেয়ে এখন পত্ৰত কয়, যে প্রধানমন্ত্ৰীৰ এই সাফল্যই দেশৰ জনসাধাৰণে দেখুওৱা আস্থা আৰু বিশ্বাসক প্রতিফলিত কৰে। অধ্যক্ষগৰাকী...

June 10, 2026 3:22 PM

views 36

প্রধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই গৌৰৱময় ক্ষণে শ্রীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক প্রতিপন্ন কৰিছে। প্রধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সু-প্রশাসন, অর্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ...

December 22, 2025 7:54 PM

views 68

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্ৰাথমিকৰ পৰা স্বাস্থ্য যতন ব্যৱস্থাক তিনি গুণ ৰূপান্তৰ সাধন কৰিছে। নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎ‍সা মহাবিদ্যালয় আৰু চফদৰ্জং চিকিৎসালয়ৰ সপ্তম সমাৱৰ্তনত সম্বোধন কৰি তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে সকলোৰে বাবে স্বাস্থ্য সেৱা ব্যয় সাধ্য কৰি তুলিছে। তেওঁ কয় যে চৰকাৰে দৰিদ্ৰ আৰু আ...

November 11, 2025 6:37 PM

views 65

দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ’ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ’বঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ'ব আৰু তেওঁলোকক কঠোৰ শাস্তি বিহা হ'ব। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী মোদীয়ে এইদৰে কয়। তেওঁ কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ উঁহ উলিয়াবলৈ সমৰ্থ হ'ব বুলিও তেওঁ নিশ্চিতি দিয়ে। শ্রী মোদীয়ে কয়, যে আজি তেওঁ অত্যন্ত গধুৰ হৃদয়েৰে ভূটানলৈ আহিব লগা হৈছে, কাৰণ দিল্লীৰ...

September 19, 2025 8:46 PM

views 84

দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিতঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ উন্নয়ন, সমৃদ্ধি, বহনক্ষমতা আৰু ৰাষ্ট্ৰীয় শক্তি বৃদ্ধিৰ বাবে সাগৰীয় অৰ্থনীতিৰ মূল আধাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ এটা প্ৰৱন্ধৰ প্রসঙ্গ উল্লেখ কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাগৰমালা, গভীৰ মহাসাগৰীয় অভিযানৰ দৰে পদক্ষেপসমূহে বিভিন্ন সম্প্রদায়ক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই পদক্ষেপে বিশ্ব সাগৰীয় ক্ষেত্ৰখনত ভাৰতৰ নেতত্ব অধিক শক্তিশালী কৰি তুলিছে বুলিও প্...