প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময় পূৰ্বে ইন্দোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। জাকার্টা বিমান বন্দৰত প্রধানমন্ত্ৰী মোদীক ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱ’ সুবিয়ান্তোই আদৰণি জনায়। বিমান বন্দৰত তেওঁক পৰম্পৰাগত ভাৰতীয় আৰু ইন্দোনেছিয়াৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে স্থানীয় ইন্দোনেছিয়াৰ সম্প্ৰদায়ে বিপুল আদৰণি জনায়।
ইন্দোনেছিয়ালৈ এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ভ্ৰমণ। এই ভ্রমণসূচীত প্রধানমন্ত্ৰী মোদীয়ে ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ লব আৰু দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰিব। প্রধানমন্ত্ৰী মোদীয়ে সাংস্কৃতিক আৰু ঐতিহাসিক নগৰী য়োগ্যাকাটালৈ যাব আৰু তাত তেওঁ প্ৰম্বানন মন্দিৰৰ চৌহদ ভ্ৰমণ কৰিব।
ভাৰতে এই মন্দিৰটো সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাকাটাত প্রধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ এক বিশাল সভাক সম্বোধন কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্রধানমন্ত্রী মোদীয়ে ৬ জুলাইৰ পৰা ১১ জুলাইলৈকে ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চলৰ ৩ খন ৰাষ্ট্ৰ ক্ৰমে ইন্দোনেচিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব।
ইণ্ডোনেছিয়াৰ পৰা ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্ৰী মোদী তিনিদিনীয়া কাৰ্যসূচীৰে ৮ জুলাইত অষ্ট্ৰেলিয়াৰ মেলবর্নত উপস্থিত হ’ব। তাত তেওঁ দেশখনৰ প্ৰধানমন্তী এন্থনী আলবানেজৰ সৈতে তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব।
শ্রীমোদীয়ে লগতে ভাৰত-অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে মত-বিনিময় কৰিব। এই ভ্রমণে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কৰ্ক সুদৃঢ় কৰি তুলিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে তেওঁ প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শিক্ষা, জটিল প্রযুক্তি, ক্রীড়া, জনসংযোগ আদি বিভিন্ন বিষয়ত মত-বিনিময় কৰিব।
তেওঁ মেলবনৰ প্রবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে ১০ জুলাইত নিউজিলেণ্ডলৈ যাব। এয়া হৈছে বিগত ৪০ বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্রমণ। শ্রীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হ’ব।
দুয়োগৰাকী নেতাই বিগত ২ দুবছৰত বিশেষ অগ্রগতি লাভ কৰা বাণিজ্য-বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ আগশাৰীৰ ব্যৱসায়ী আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত-বিনিময় কৰিব।