প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে আজি মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন কৰে। এই ভ্রমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কত ক্রীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়।
পৰিদৰ্শন কালত প্রধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্রিকেট-ভিত্তিক সহযোগিত, ক্রীড়া আন্তঃগাঁথনি, খেলুৱৈৰ বিকাশ, জ্ঞানৰ আদান-প্রদান, আই পি এল- বি বি এল, অংশীদাৰিত্ব আৰু ২০৩২ চনত হ’বলগীয়া ৱিছবেন অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক ক্রীড়া মহোৎসৱৰ আয়োজনৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱসহ গুৰুত্বপূৰ্ণ খেল মহোৎসৱৰ আয়োজনৰ পূৰ্বৰ সহযোগিতাৰ বিষয়টোৱে স্থান লাভ কৰে।