July 10, 2026 7:24 PM

views 16

মেলৱৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি মেলৱৰ্ণত দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ এই বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বিষয়টোৰ প্ৰতি দেশখনৰ উভয় দলৰ সমৰ্থন নিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ মাজৰ...

July 10, 2026 7:13 PM

views 14

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আল্বানিজৰ সৈতে আজি মেলবর্ণ ক্রিকেট গ্রাউণ্ড পৰিদৰ্শন কৰে। এই ভ্রমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্কত ক্রীড়া কূটনীতিৰ বৰ্ধিত ভূমিকাকে সূচায়। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ক্রিকেট-ভিত্তিক সহযোগিত, ক্রীড়া আন্তঃগাঁথনি, খেলুৱৈৰ বিকাশ, জ্ঞানৰ আদান-প্রদান, আই পি এল- বি বি এল, অংশীদাৰিত্ব আৰু ২০৩২ চনত হ'বলগীয়া ৱিছবেন অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক ক্রীড়া মহোৎসৱৰ আয়োজনৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱসহ গুৰুত্বপূৰ্ণ...

January 10, 2026 7:55 PM

views 39

অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব অঞ্চলৰ ভিক্টোৰিয়া প্ৰদেশত সংঘটিত বনজুইৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক দুর্যোগ ঘোষণা

অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব অঞ্চলৰ ভিক্টোৰিয়া প্ৰদেশত সংঘটিত বনজুইৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক দুর্যোগ ঘোষণা কৰা হৈছে। কেইবাটাও অঞ্চললৈ বনজুই বিয়পি পৰাৰ ফলত ভালেসংখ্যক লোকক স্থানান্তৰ কৰাৰ লগতে জৰুৰীকালীন সেৱা আগবঢ়োৱা হৈছে। উষ্ণতা, প্রচণ্ড বতাহ তথা শুকান বতৰৰ বাবে বনজুই নতুন নতুন অঞ্চললৈ সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত কর্তৃপক্ষই কালি ৰাজ্যিক দুৰ্যোগৰ ঘোষণা কৰে। দেশখনৰ কেইবাখনো নগৰত কনজুই বিয়পি পৰাৰ বাবে বাসিন্দাসকলক তাৎক্ষণিকভাৱে ঘৰ খালী কৰাৰ পৰামৰ্শ দিয়ে। কেইবাখনো ৰাজ্যৰ পৰা অহা অগ্নিনির্বাপক বাহিনীৰ ...

December 12, 2025 12:23 PM

views 54

অষ্ট্ৰেলিয়াত কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে আইন গৃহীত

অষ্ট্ৰেলিয়াত ১৪ বছৰতকৈ কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে এখন আইন গৃহীত কৰিছে। এই আইন ব্যৱস্থা চৰকাৰী আৰু ব্যক্তিগত সকলো বিদ্যালয়ৰ কন্যা শিশুসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই নতুন আইনে ১৪ বছৰ বয়সতকৈ তলৰ কন্যা শিশুসকলক হিজাব অথবা বোর্খাৰ দৰে মুছলমানসকলৰ পৰম্পৰাগত মুৰ ঢাকি ৰখা নিয়মৰ পৰা ৰেহাই দিব। চৰকাৰী পক্ষই প্ৰকাশ কৰা মতে, কন্যাসকলৰ সবলীকৰণৰ লগতে তেওঁলোকক শোষণ আৰু অত্যাচাৰৰ পৰা সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই আইন বলবৎ কৰা হৈছে।

November 6, 2025 12:01 PM

views 92

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন খেল

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থকা পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থ খেলখন আজি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেৰাৰা অ'ভেলত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত খেলখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে, শেহতীয়াকৈ হোবার্টত অনুষ্ঠিত প্রতিযোগিতাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰিছিল আৰু এতিয়ালৈ শৃংখলাত উভয় দলে এখনকৈ খেলত জয়ী হৈছে। ইপিনে, অষ্ট্ৰেলিয়াই চতুর্থ খেলখনৰ বাবে দলত কেইবাটাও সালসলনি কৰি ট্ৰাভিছ হেড আৰু শ্বেন এবটক বিশ্রাম দিছে।

October 13, 2025 2:45 PM

views 109

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ'ব। ভাৰতীয় সেনা বাহিনীৰ এটা ১২০ জনীয়া দল এই অনুশীলনত অংশ লোৱাৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে। কেনবেৰাস্থিত ভাৰতীয় উচ্চ আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অনুশীলনে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে পাৰস্পৰিক আস্থা আৰু সমন্বয়ৰ মনোভাৱ দৃঢ় কৰি তুলিব। গোৰ্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনাবাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। সামৰিক ...

October 8, 2025 9:03 PM

views 99

অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাকিস্তানে টছত জিকি অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। দলৰ হৈ বেথ মুনিয়ে সৰ্বাধিক ১০৯ কৰে। পাকিস্তানৰ হৈ নাশা সান্ধুৱে ৩টা, ৰামিন শ্বামিম আৰু ফাতিমা ছানাই ২টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ বিশাখাপট্টনমত হ'বলগীয়া এখন খেলত ভাৰত ...

November 7, 2024 8:35 PM

views 70

অষ্ট্ৰেলিয়া এ দলে মেলৱৰ্ন ক্রিকেট গ্রাউণ্ডত দ্বিতীয়খন অনানুষ্ঠানিক টেষ্ট মেচত প্রথম ইনিংছত ২ টা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ

অষ্ট্ৰেলিয়া এ দলে মেলৱৰ্ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক টেষ্ট মেচৰ আজি প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে প্রথম ইনিংছত দুটা উইকেট হেৰুৱাই ৫৩ ৰান সংগ্ৰহ কৰে। ঘৰুৱা দল অষ্ট্ৰেলিয়া ভাৰতৰ প্রথম ইনিংছতকৈ ১০৮ ৰান পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতীয় এ দলে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৬১ ৰানত প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক ৮০ ৰান কৰে।