প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি মেলৱৰ্ণত দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাৰ এই বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বিষয়টোৰ প্ৰতি দেশখনৰ উভয় দলৰ সমৰ্থন নিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়।
সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ৰমৱৰ্ধমান শক্তি আৰু সম্ভাৱনাসমূহৰ বিষয়ে দুয়োগৰাকী নেতাই দীঘলীয়াকৈ আলোচনা কৰে।
অষ্ট্ৰেলিয়াত ভাৰতবৰ্ষই আন্তৰিকতাপূর্ণ তথা বৃহৎ পৰিসৰৰ সমৰ্থন লাভ কৰাৰ বিষয়টো গভীৰভাৱে উপলব্ধি কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ লগতে প্ৰকাশ কৰে।