আমেৰিকাৰ নীতি নিৰ্মাতা আৰু ব্যৱসায়ী নেতাসকলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘকাল শাসনত থকা নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে শুভেচ্ছা জনাইছে।
আমেৰিকাৰ কংগ্ৰেছ আৰু চিনেটৰ সদস্য তথা মুখ্য কোম্পানীসমূহৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বার্তা প্ৰেৰণ কৰাটোৱে আমেৰিকা, ভাৰতৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বক প্রতিফলিত কৰিছে।
ৱাৰ বাৰ্গ পিনকাষ্টৰ অধ্যক্ষ ছাৰ্লছ আৰ কেয়ে এখন পত্ৰত কয়, যে প্রধানমন্ত্ৰীৰ এই সাফল্যই দেশৰ জনসাধাৰণে দেখুওৱা আস্থা আৰু বিশ্বাসক প্রতিফলিত কৰে। অধ্যক্ষগৰাকীয়ে কয়, যে ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল অর্থনীতিসমূহৰ অন্যতম হিচাপে নিজৰ স্থিতি শক্তিশালী কৰিছে আৰু গোলকীয় পৰ্যায়ত আগশাৰীৰ শক্তি হিচাপে উত্থান ঘটিছে।
ফ্ৰেঞ্চহিলৰ প্ৰতিনিধিয়ে কয়, যে প্রধানমন্ত্রী মোদীৰ শাসনকালে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণৰ বিশ্বাস তেওঁৰ লগত থকাটোকে সূচায়। বিভিন্ন প্রযুক্তি নেতাসকলেও তেওঁলোকৰ শুভেচ্ছা বাৰ্তাত ভাৰতৰ অৰ্থনীতি আৰু ডিজিটেল ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰে।