April 21, 2025 3:11 PM

views 95

বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে। তেওঁ কয় যে প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা, প্ৰতিগৰাকী উদ্যোগীক বিত্তীয় সাহায্য প্ৰদান আৰু প্ৰতিখন গাঁৱক ডিজিটেল অর্থনীতিৰে লাভান্বিত কৰাই হৈছে সামগ্ৰিক বিকাশৰ অৰ্থ। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। প্রধানমন...

March 30, 2025 8:21 PM

views 49

ছট্টিশগড়ত ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছট্টিশগড়ৰ বিলাসপুৰ জিলাৰ মোহভট্টাত গৃহ নিৰ্মাণ, শিক্ষা, তেল আৰু গেছ, ৰে'ল, পথ তথা বিদ্যুৎ শক্তি সম্পৰ্কীয় ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক উন্নয়নমূলক প্রকল্প মুকলি কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ছট্টিশগড়ৰ নক্সালবাদী অধ্যুষিত অঞ্চলসমূহত শান্তিৰ নতুন দিগন্ত পৰিলক্ষিত হৈছে। তেওঁ কয়, যে ৰাজ্যখনৰ দূৰৱৰ্তী জনজাতীয় অঞ্চলসমূহত স্বাস্থ্যৰ সুবিধা, ...

January 31, 2025 3:28 PM

views 63

আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু যাত্রীবাহী বিমানৰ মাজত সংঘটিত দুৰ্ঘটনাত ৬৭জন লোকৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ মাজ আকাশত আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু এখন যাত্রীবাহী বিমানৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত কমেও ৬৭জন লোকৰ মৃত্যুৰ হোৱাৰ ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোণাল্ড ৰেমন বিমান বন্দৰৰ সমীপত কালি সংঘটিত এই দুর্ঘটনাটোত সেনা বাহিনীৰ হেলিকপ্তাৰত ৩ জনকৈ সেনা জোৱানৰ লগতে যাত্রীবাহী বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুল...

October 7, 2024 2:22 PM

views 55

প্রধানমন্ত্ৰী মোদীৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতেই শ্রী মোদীয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ উদ্যমসমূহৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰত এন ডি এ চৰকাৰে ভালেমান কল্যাণমূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। প্ৰায়েই গুজৰাট মডেল হিচাপে নামকৰণ কৰা এই পদক্ষেপসমূহ জল সংৰক্ষণ, গছপুলি ৰোপণ অভিযান, সংবিধান উদযাপন, থলুৱা উৎপাদিত সামগ্ৰীসমূহৰ বিকাশ তথা ক্রীড়া সংস্কৃতি উৎসাহিত কৰা আদি বি...

September 5, 2024 6:05 PM

views 61

শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে এই দিনটো হৈছে দেশৰ যুৱ চামক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক কৃতজ্ঞতা জ্ঞাপনৰ এটা উপলক্ষ্য। শ্ৰী মোদীয়ে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত সৰ্বেপল্লী ৰাধাকৃষ্ণণক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছে। তেওঁৰ স্মৃতি সুঁৱৰি আজিৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

September 3, 2024 5:34 PM

views 68

ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি দুপৰীয়া ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত হৈছেগৈ। ব্ৰুনেই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক যুৱৰাজ হাজি অল মুহতাদী বিল্লাহে আনুষ্ঠানিকভাৱে অভ্যর্থনা জনায়। প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে তেওঁ ব্রুনেইলৈ গৈছে। ভাৰত আৰু ব্রুনেই দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিছে। ইয়াৰ আগেয়ে দ্বিদেশীয় ভ্রমণসূচীৰে ৰাওৱা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্ৰুনেই...

July 15, 2024 9:47 AM

views 54

সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অনুগামীৰ সংখ্যা ১০ কোটি অতিক্ৰম

■ সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। যোৱা তিনিটা বছৰত প্ৰধানমন্ত্ৰীৰ অনুগামীৰ সংখ্যা প্রায় ৩ কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্রীমোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুগামীৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্রী মোদী ৩ কোটি ৪১ লাখ অনুগামী থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনকে ধৰি বিশ্বৰ আন নেতাসকলতকৈ বহু আগত আছে। অনুগামীৰ সংখ্যা ১০ কোটি পাৰ হোৱাৰ পাছত শ্ৰীমোদীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত এই মাধ্যমত থাকি নিজেই সুখ...