প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ মাজ আকাশত আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু এখন যাত্রীবাহী বিমানৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত কমেও ৬৭জন লোকৰ মৃত্যুৰ হোৱাৰ ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোণাল্ড ৰেমন বিমান বন্দৰৰ সমীপত কালি সংঘটিত এই দুর্ঘটনাটোত সেনা বাহিনীৰ হেলিকপ্তাৰত ৩ জনকৈ সেনা জোৱানৰ লগতে যাত্রীবাহী বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
Assamese | January 31, 2025 3:28 PM | narendra modi | Narendra Modi X | PMO Modi
আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু যাত্রীবাহী বিমানৰ মাজত সংঘটিত দুৰ্ঘটনাত ৬৭জন লোকৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ