প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে এই দিনটো হৈছে দেশৰ যুৱ চামক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক কৃতজ্ঞতা জ্ঞাপনৰ এটা উপলক্ষ্য। শ্ৰী মোদীয়ে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত সৰ্বেপল্লী ৰাধাকৃষ্ণণক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছে। তেওঁৰ স্মৃতি সুঁৱৰি আজিৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
Assamese | September 5, 2024 6:05 PM | narendra modi | Narendra Modi X | PMO | PMO India
শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন