দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী মোদীৰ ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে।

এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰি অহা আমাৰ প্ৰতিবেদনত আজি ইউ পি আই ব্যৱস্থাৰ জৰিয়তে প্রধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক কিদৰে আগুৱাই লৈ যোৱা হৈছে তাৰ উদাহৰণ দিয়া হৈছে। ভাৰতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তন আহিছে। এই ব্যৱস্থাই এতিয়া প্ৰতিজন নাগৰিকৰ বাবে সুলভ, সৰল আৰু সুৰক্ষিত পৰিশোধ ব্যৱস্থা হিচাপে পৰিগণিত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অলপতে বিশ্ব বিত্ত প্রযুক্তি মহোৎসৱত ইউ পি আই ব্যৱস্থাৰ বিষয়ে মন্তব্য কৰি কয় যে ইউ পি আই এতিয়া কেৱল দেশৰ চাৰিসীমাৰ ভিতৰতেই সীমাবদ্ধ নহয়। তেওঁ কয় যে কিছু বছৰ আগলৈ ভাৰতীয় বেংক একাউণ্টৰ পৰা বিদেশলৈ পোনপটীয়াকৈ ধন আদায় দিয়াটো অসম্ভৱ বুলি গণ্য কৰা হৈছিল, যদিও সম্প্রতি এয়া বাস্তৱ হৈ উঠিছে।

২০১৬ চনৰ ২৫ আগষ্টত ইউ পি আই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল আৰু মাত্ৰ এটা দশকৰ ভিতৰতে এই ব্যৱস্থাই দেশত ডিজিটেল ধনাদায়ৰ পৰিসৰৰ আমূল পৰিৱৰ্তন সাধন কৰিছে। এই ব্যৱস্থা সম্প্রতি সকলোৰে বাবে দ্রুত, সৰল আৰু সুলভ হৈ উঠিছে।