প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ জলন্ধৰত ৫,৪৭০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়ন প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা স্থাপন কৰে।
শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলন্ধৰ কেণ্টকে ধৰি পুনৰ বিকশাই তোলা ৭৫ টা ৰে’ল ষ্টেচন মুকলি কৰে।
এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে কয়, যে কেন্দ্ৰত এন ডি এ চৰকাৰে দেশৰ প্ৰতি গৰাকী নাগৰিকক তেওঁলোকৰ জীৱন-ধাৰণ অধিক সুচল কৰাৰ লগতে উন্নয়নৰ ন ন সুযোগ প্ৰদানৰ লক্ষ্যৰে অগ্ৰাধিকাৰ দি আহিছে।