‘‘ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্রশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে’’-প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সু-প্ৰশাসন, নাগৰিক সৱলীকৰণ আৰু সামগ্রিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। ডিজিটেল ভাৰত পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ডিজিটেল ভাৰতে সকলোৰে জীৱনক চুই গৈছে।

ইয়াৰ ভিতৰত ডিজিটেল লেনদেন ব্যৱস্থাই সকলোকে লাভৱান কৰাৰ লগতে লেনদেন প্রক্রিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। প্রধানমন্ত্ৰী মোদীয়ে কয়, যে প্রযুক্তিয়ে জীৱন-যাপনৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছে।

প্রধানমন্ত্ৰীয়ে ডিজিটেল ভাৰতৰ জৰিয়তে দেশৰ সকলো অঞ্চলত বিশেষকৈ গাঁওসমূহত আৰু টায়াৰ টু আৰু টায়াৰ থ্ৰী পৰ্যায়ৰ নগৰসমূহত উদ্ভাৱনৰ নতুন টৌ উঠিছে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা ওলাই অহা যুৱ উদ্যমী, ষ্টার্টআপ্‌ছ আৰু উদ্ভাৱকসকলে আমাৰ পৃথিৱীখনে মুখামুখি হৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ উলিয়াবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে এই পদক্ষেপৰ জৰিয়তে শিক্ষা, স্বাস্থ্যখণ্ড, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু জনসেৱা প্ৰক্ৰিয়া অধিক শক্তিশালী হৈ উঠিছে।

প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ডিজিটেল ভাৰতৰ জৰিয়তে দেশে ডিজিটেল ক্ষেত্ৰখনত প্ৰগতি লাভ কৰিছে। তেওঁ কয়, যে দেশে প্রযুক্তিৰ জৰিয়তে মানৱতা, নাগৰিকৰ সৱলীকৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰি আহিছে।

ডিজিটেল ভাৰতৰ জৰিয়তে বিগত ১১ বছৰত দেশে ডিজিটেল জন আন্তঃগাঁথনি পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। স্বাস্থ্য, শিক্ষা, দক্ষতা, কৃষি, জনকল্যাণ আদি ক্ষেত্ৰসমূহলৈ এই পদক্ষেপৰ প্ৰসাৰ ঘটিছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে চৰকাৰে দেশক ডিজিটেল ৰাষ্ট্ৰলৈ পৰ্যবসিত কৰিছে। ডিজিটেল সংযোগ, ডিজিটেল প্ৰশাসন আৰু জনসেৱা উন্নত কৰি ডিজিটেল ভাৰতৰ পদক্ষেপ প্ৰসাৰিত কৰিছে।

ডিজিটেল ভাৰত পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে দেশে ইণ্টাৰনেট সংযোগ, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰযুক্তি নিৰ্ভৰ প্ৰশাসনৰ সাক্ষী হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে ১০৩ কোটিতকৈও অধিক লোক বৰ্তমান ইণ্টাৰনেট সেৱাৰে সংযুক্ত হোৱাৰ লগতে ২ লাখতকৈও অধিক গাঁও ভাৰত নেটৰ জৰিয়তে সংযুক্ত হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে প্রত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৫১ লাখ কোটি টকা হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰিব পৰা হৈছে। ভাৰত বৰ্তমান ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম উল্লেখযোগ্য দেশ হৈ পৰিছে।