সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিতঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য সেৱা হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে এই সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা উচিত।

গুজৰাটৰ ৱাডনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰীসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁ এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে সেৱাই পৰম ধৰ্ম কথাষাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত।

শ্ৰীমোদীয়ে কয় যে সেৱা হৈছে সৰ্বাধিক চালিকাশক্তি। তেওঁ কয় যে পি এম কিষাণ আৰু পি এম সূৰ্যৰ্ঘৰ যোজনাৰ দৰে আন আঁচনিসমূহে স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে সেৱাৰ মনোভাৱৰ বাবে দেশৰ ৪ কোটি জনসাধাৰণে স্থায়ী বাসগৃহ লাভ কৰিছে।

তেওঁ কয় যে যেতিয়া দেশৰ নীতিত সেৱাৰ মনোভাৱ অন্তৰ্নিহিত হৈ থাকে তেতিয়া দেশৰ বিকাশত নিজে নিজে সেৱাই এটা বৃহৎ গতি লাভ কৰে। শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত উদ্ভাৱনী আঁচনিসমূহৰ জৰিয়তে দেশৰ ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। ৰাজনীতি, নিৰ্বাচন আৰু চৰকাৰী ব্যৱস্থাই নিজৰ স্থানত আছে। শ্রীমোদীয়ে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ সমৰ্পিত হৈ আছে।

২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত দেশৰ যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰত, ব্রাজিল, জার্মানী আৰু জাপান – G4 ৰাষ্ট্ৰগোটৰ বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ বাবে মত পোষণ কৰিছে। মন্ত্ৰী পৰ্যায়ৰ এটা যুটিয়া বিবৃতিত বৈদেশিক মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ স্থায়ী আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা বঢ়োৱাৰ পোষকতা কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, ব্রাজিলৰ মাঅ’ৰৌ ৱিয়েৰা, জাৰ্মানীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জৌহান ডেভিড ৱাডেফুল আৰু জাপানৰ বৈদেশিক মন্ত্ৰী ম’টেগি তৌশিমিত্সুৰ মাজত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীসকলে এই মত পোষণ কৰে। উল্লেখযোগ্য যে নিউয়র্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১ সংখ্যক বৈঠক অনুষ্ঠিত হৈছে।

মন্ত্ৰীসকলে কয়, যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সংস্কাৰৰ প্ৰয়োজনীয়তা পূৰ্বতকৈ বৰ্তমান যথেষ্ট বৃদ্ধি পাইছে। বিশ্ব ৰাজনৈতিক পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ বাঢ়ি যোৱাৰ সমান্তৰালভাৱে এই সংস্কাৰৰ প্ৰয়োজনীয়তাও আহি পৰিছে। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত ৮০ সংখ্যক বৈঠকত লোৱা সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰে।