July 21, 2026 1:52 PM | Droupadi Murmu

printer

ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু উত্তৰ মেচিড’নিয়াত উপস্থিত

ত্রিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু উত্তৰ মেচিড’নিয়াত উপস্থিত হৈছে। এয়া দেশখনলৈ এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ভ্ৰমণ। ৰাষ্ট্ৰপতি মুর্মুরে এই ভ্ৰমণকালত মেচিড’নিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা ছিলজানোভস্কা-ডাভকোভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তেওঁ প্ৰধানমন্ত্রী হৃষ্টিজান মিকোচি আৰু মেচিড’নিয়াৰ সংসদৰ অধ্যক্ষ আফ্ৰিম কাচিক সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিড’নিয়াৰ সংসদতো ভাষণ দিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত—উত্তৰ মেচিড’নিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল’ব। উল্লেখযোগ্য যে দুয়োখন দেশৰ কৃষি, ভেষজ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্রযুক্তিকে ধৰি অগ্ৰাধিকাৰমূলক খণ্ডত অর্থনৈতিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বার্থ জড়িত আছে।

ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত পৰহিলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মু ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৰ্ৱৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানিয়া—ভাৰত সংসদীয় মিত্ৰতা গোটৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু আৰু মলডভাৰ ৰাষ্ট্ৰপতি মায়া ছান্দুৱে কালি ছিছিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ যৌথভাৱে সংবাদমেল সম্বোধন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ভ্রমণক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। এই ভ্রমণে ৩ দশকৰো অধিক সময় ধৰি থকা দুয়োখন দেশৰ সম্পৰ্কৰ পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে।