ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে ডৰাডুনলৈ গৈছে। উত্তৰাখণ্ডৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং আৰু মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে শ্ৰীমতী মুৰ্মু আদৰণি জনায়।
নির্ধাৰিত কাৰ্যসূচী অনুসৰি শ্ৰীমতী মুৰ্মুৱে আজি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতনলৈ যাব আৰু ১৩২ একৰ ভূমিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰপতি উদ্যানৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’ব।
ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মু ডেৰাডুনৰ ভাৰতীয় মিলিটেৰী একাডেমীত হ’বলগীয়া দীক্ষান্ত কুচকাৱাজৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা আৰু যানজটৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে যাতায়াতৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি কৰিছে।