ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে।

মুজাম্বিকৰ উচ্চায়ুক্ত আৰমান্দো পেদ্রো মুইয়ুয়ানে জুনিয়ৰ নিকাৰাগোৱাৰ ৰাষ্ট্রদূত নাদেস্কা ইমাৰা কাথবার্ট কালচন সুৰিনামৰ ৰাষ্ট্রদূত হানিচা জয়ৰাম আৰু গেবন গণৰাজ্যৰ ঔৰেলিন মাৰ্ছেল মিনচা আৰু মংগোলীয়াৰ ৰাষ্ট্রদূত ড° উলজিৎ লোহাচঞ্জেভ আৰু বাহামাৰ উচ্চায়ুক্ত পিটাৰ নিকোলাচে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰে।