July 6, 2026 8:06 PM

views 20

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৬খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয়পত্র গ্রহণ কৰে। মুজাম্বিকৰ উচ্চায়ুক্ত আৰমান্দো পেদ্রো মুইয়ুয়ানে জুনিয়ৰ নিকাৰাগোৱাৰ ৰাষ্ট্রদূত নাদেস্কা ইমাৰা কাথবার্ট কালচন সুৰিনামৰ ৰাষ্ট্রদূত হানিচা জয়ৰাম আৰু গেবন গণৰাজ্যৰ ঔৰেলিন মাৰ্ছেল মিনচা আৰু মংগোলীয়াৰ ৰাষ্ট্রদূত ড° উলজিৎ লোহাচঞ্জেভ আৰু বাহামাৰ উচ্চায়ুক্ত পিটাৰ নিকোলাচে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰে।

January 24, 2026 7:50 PM

views 159

ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ

ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাচিপতীয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্রানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত ৫ খন প্রাচীন সাচিপতীয়া পুথিকে ধৰি মুঠ ৮ খন এনে পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মুকলি কৰা গ্ৰন্থ কুটীৰত অসমীয়াকে ধৰি দেশৰ মুঠ ১১ টা ধ্রুপদী ভাষাৰ প্রাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব...

October 13, 2025 8:24 PM

views 79

ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অংশ হিচাপে এই দলটোৱে ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰে। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখ্না আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। কেন্দ্রীয় অসামৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে তেখেতক বিমান বন্দৰত আদৰণি জনায়। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত দেশখনৰ কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বি...