December 26, 2025 8:13 PM

views 73

ৰাষ্ট্ৰপতি মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণত সহায়ক হ'ব। শ্রীমোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে চাওতালী লোকৰ অৱদান আৰু চাওতালী সংস্কৃতিক লৈ দেশ অতি গৌৰৱান্বিত।

December 10, 2025 3:01 PM

views 90

মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: ৰাষ্ট্ৰপতি

● মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱসৰ অনুষ্ঠান আৰু নিত্য আৱশ্যকতা নিশ্চিতকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মর্যাদাৰ সৈতে কেতিয়াও আপোচ কৰিব পৰা নাযায় আৰু কোনো ব্যক্তিকে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়। মানৱ অধিকাৰ দিৱসে ন্যায্য, সমতাপূৰ্ণ আৰু দয়াশীল সমাজত...

December 10, 2025 11:50 AM

views 76

ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা এই অনুষ্ঠানত ১৯৪৮ চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে অত্যাৱশ্যকীয় জনসেৱা আৰু সকলোৰে বাবে মর্যাদা। মানৱ অধিকাৰ আয়োগে এই বিষয়ৰ লগত ৰজিতা খোৱাকৈ এখন সন্মিলনৰ আযোজন কৰিব। সন্মিলনত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব ড° পি কে মিশ্ৰই সকলোৰে বাবে সাৰ্বজন...

December 9, 2025 8:11 PM

views 67

নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কাইলৈ ৰাষ্ট্ৰপতিৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা এই অনুষ্ঠানত ১৯৪৮ চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে অত্যাৱশ্যকীয় জনসেৱা আৰু সকলোৰে বাবে মর্যাদা। মানৱ অধিকাৰ আয়োগে এই বিষয়ৰ লগত ৰজিতা খোৱাকৈ এখন সন্মিলনৰ আযোজন কৰিব। সন্মিলনত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই সকলোৰে বাবে সাৰ্বজন...

December 6, 2025 7:52 PM

views 63

ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস উপলক্ষে দেশবাসীৰ সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন

সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতৰত্ন সন্মানেৰে বিভূষিত ড০ বি আৰ আম্বেদকাৰৰ ৭০ সংখ্যক মহা পৰিনিৰ্বাণ দিৱস বা মৃত্যু বার্ষিকী উপলক্ষে সংবিধান প্ৰণেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কৰিছে। এই উপলক্ষে ৰাষ্ট্ৰ গঠনত আম্বেদকাৰৰ অভূতপূৰ্ব বৰঙণিৰ বিষয়ে আলোকপাত কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্য বিশিষ্ট ব্যক্তিসকলে মহাপৰিনিৰ্বাণ দিৱস উপলক্ষে আজি সংসদ ভৱন চৌহদত সংবিধান প্ৰণেতাগৰাকীলৈ পুস্পার্...

December 5, 2025 4:26 PM

views 54

৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি মুৰ্মুৱে কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে এই বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য হস্তশিল্পৰ ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰা হ'ব। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ অংশ হিচাপে এ...

December 3, 2025 4:09 PM

views 79

দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক’ব পাৰি: ৰাষ্ট্ৰপতি

● দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক'ব পাৰি বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে দিব্যাংগসকলক পুতৌৰ নহয়, বৰং সন্মান আৰু মৰ্যাদাৰহে প্ৰয়োজন। দিব্যাংগসকলক প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে তেওঁলোকৰ অতুলনী...

December 3, 2025 12:29 PM

views 62

নৌসেনাৰ অভিযানমূলক প্ৰদৰ্শনী মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি নৌসেনাৰ অভিযানমূলক প্ৰদৰ্শনী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাত উদ্দেশ্যে আজি বিয়লি থিৰুৱনন্তপুৰমত উপস্থিত হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে বিয়লি থিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁ শ্বাংগুমুঘাম সাগৰ তীৰত হবলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাত ৰাষ্ট্ৰপতিগৰাকীক MH 60 R হেলিকপ্টাৰখনে গ্ৰেণ্ড চেলুট প্ৰদান কৰিব। এই প্রদর্শনীত নৌসেনাৰ শক্তি আৰু যুদ্ধৰ প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰা হ'ব য'ত যুদ্ধ বিমান আৰু নিৰীক্ষণকাৰী বিমানকে ধৰি ১৯খন ডা...

December 3, 2025 12:27 PM

views 56

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব

● আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিশেষভাৱে সক্ষম ছাত্র-ছাত্রী, বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ মন্ত্ৰালয়ৰ বিষয়া, জ্যেষ্ঠ ৰাজনীতিবিদ, বিভিন্ন উদ্যোগৰ অংশীদাৰসকলৰ লগতে ভালেমান গণ্যমান্য ব্যক্তি ...

November 29, 2025 10:31 PM

views 63

টি-২০ বিশ্বকাপত জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা

■ ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰাষ্ট্ৰপতিভৱনত দলটোৰ খেলুৱৈসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে খেলুৱৈসকলৰ স্বাক্ষৰ সম্বলিত এখন বেট ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে খেলুৱৈসকলৰ এই সাফল্যই সকলোকে অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰি কয় যে এনে প্রদর্শনে উঠি অহা প্ৰজন্মক জীৱন আৰু জিৱিকাৰ দিশত উচ্চাকাংক্ষী হবলৈ উৎসাহিত কৰিব।