● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে এই বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য হস্তশিল্পৰ ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰা হ’ব। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ অংশ হিচাপে এই বঁটা প্ৰদান কৰা হ’ব। ভাৰতীয় কাৰিকৰসকলৰ প্ৰতি সন্মান জনাই হস্তশিল্পৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৮ ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ পালন কৰা হয় ৷
Assamese | December 5, 2025 4:26 PM | Akashvani | Akashvani News | Droupadi Murmu | President of india
৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি মুৰ্মুৱে কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব