■ ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে টি-২০ বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰাষ্ট্ৰপতিভৱনত দলটোৰ খেলুৱৈসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। সাক্ষাৎকালত দলটোৱে খেলুৱৈসকলৰ স্বাক্ষৰ সম্বলিত এখন বেট ৰাষ্ট্ৰপতিক উপহাৰ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে খেলুৱৈসকলৰ এই সাফল্যই সকলোকে অনুপ্ৰাণিত কৰা বুলি মন্তব্য কৰি কয় যে এনে প্রদর্শনে উঠি অহা প্ৰজন্মক জীৱন আৰু জিৱিকাৰ দিশত উচ্চাকাংক্ষী হবলৈ উৎসাহিত কৰিব।
Assamese | November 29, 2025 10:31 PM | Akashvani | blind t20 world cup | Cricket | Droupadi Murmu | ICC T-20 | President of india | SPORTS
টি-২০ বিশ্বকাপত জয়ী ভাৰতীয় দৃষ্টিহীন মহিলা ক্রিকেট দলৰ খেলুৱৈসকলক ৰাষ্ট্ৰপতি মুৰ্মুৰ শুভেচ্ছা