ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সামৰিক বাহিনী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনীৰ ব্যক্তিসকলক এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে।
ৰাষ্ট্ৰপতি ভৱনত আজি সন্ধিয়া আয়োজিত এটা গান্তিৰ্য্যপূর্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয়। লেফটেনেণ্ট কমাণ্ডাৰ সুৰজ পৰাশৰ, লেফটেনেন্ট কর্ণেল নীতিশ ভাৰ্তী শুক্লা, মেজৰ আদিত্য প্রতাপ সিং, আৰক্ষী পৰিদৰ্শক লক্ষ্মণ কেৱত আৰু ৰামেশ্বৰ দুর্গা দেশমুখক শৌর্য চক্র প্ৰদান কৰা হয়।
উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰী আৰু সামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়া এই অনুষ্ঠানত উপস্থিত থাকে।