ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ১৯ জুলাইৰ পৰা মালডোভা উত্তৰ মেসেড’নিয়া আৰু ৰোমানিয়া ভ্ৰমণৰ সূচীৰে যাত্ৰা আৰম্ভ কৰিব। অহা ২০ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মালডোভা ভ্ৰমণ কৰিব আৰু তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মায়া সেন্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। শ্ৰীমতী মুৰ্মুৱে মালডোভাৰ সংসদৰ অধ্যক্ষ ইগৰ গ্ৰছুক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ সৈতে মালডোভা-ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে বৈঠকত কৰিব।
ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ এই ভ্ৰমণ মালডোভালৈ কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো ভ্ৰমণ হিচাপে পৰিগণিত হ’ব।
এই ভ্ৰমণকালৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে অহা ২১ জুলাইত উত্তৰ মেছোডনিয়া ভ্ৰমণ কৰিব। এয়াও হ’ব দেশখনলৈ কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো ভ্রমণ। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেছোডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা ছিলজানৈভাস্কা-ডাবকৌবাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে প্রধানমন্ত্ৰী ক্ৰিষ্টিজন মিকৌস্কী আৰু বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰিব।
শ্রীমতী মুৰ্মুৱে দেশখনৰ সদনত ভাষণ দিব। ইয়াৰ পাছতে শ্ৰীমতী মুৰ্মুৱে ভাৰত-উত্তৰ মেছোড নিয়া ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ শেষৰ পৰ্যায়ত অর্থাৎ অহা ২৩ জুলাইত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়ালৈ যাত্ৰা কৰিব। দুদিনীয়া এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমানিয়ান ৰাষ্ট্ৰপতি নিকুস’ৰ ডেনসহ শীর্ষ নেতাসকলক সাক্ষাৎ কৰিব।
শ্রীমতী মুৰ্মুৱে এই ভ্ৰমণকালতে ভাৰত-ৰোমানিয়া সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হ’ব। পৰৱৰ্তী কাৰ্যসূচী মৰ্মে ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-ৰোমানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মিলিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে ৰাষ্ট্ৰপতিৰ এই ত্রিদেশীয় ভ্রমণে দেশসমূহৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰাৰ লগতে পূব ইউৰোপীয় অঞ্চলত সহযোগিতা বঢ়োৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব।