প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্যসেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎকাৰৰ সময়ত তেওঁ এই কথা সদৰি কৰে।

এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ’বলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰা দায়িত্বসমূহ ন্যায়, সততা আৰু নিষ্ঠাৰ মনোভাৱেৰে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শ্রীমতী মুৰ্মুৱে কয় যে শাসনৰ মানদণ্ড উন্নত কৰা আৰু জনসাধাৰণক সেৱা আগবঢ়োৱা- এই উমৈহতীয়া উদ্দেশ্য সাধনত দুয়োটা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ফলপ্রসূ যোগাযোগ ব্যৱস্থা আৰু বিশ্বাসযোগ্য তথ্যৰ যোগানত সঁহাৰি আগবঢ়োৱা বিষয়টো গণতন্ত্ৰৰ এক অপৰিহায্য অংগ বুলি প্ৰশিক্ষাৰ্থী সকলক জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিষয়া প্রশিক্ষার্থীসকলক কৌতুহলী মনোভাৱ গঢ়ি তোলা, সাম্প্রতিক শিক্ষা ব্যৱস্থা, নতুন নতুন বিষয়ত দক্ষতা বৃদ্ধি আৰু অভিজ্ঞতাৰ পৰা জ্ঞান অর্জন কৰিবলৈ আহ্বান জনায়।

ভাৰতীয় তথ্য সেৱাৰ ভূমিকাৰ গুৰুত্বক আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ই নাগৰিকৰ সৈতে চৰকাৰৰ সংযোগ সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে সামাজিক মাধ্যমে জনসাধাৰণে তথ্য গ্রহণ, তথ্য আদান প্ৰদান আৰু নিত্য নতুন তথ্যৰ প্ৰতি সঁহাৰি জনোৱাৰ ধৰণত যথেষ্ট পৰিৱৰ্তন আনিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়াসকলক সামাজিক মাধ্যমৰ মঞ্চ কেৱল নাগৰিকসকলক তথ্য অৱগত আৰু ইয়াৰ সৈতে জড়িত কৰাই নহয় তেওঁলোকৰ অভিযোগ শুনিবলৈ, বুজিবলৈ আৰু উপযুক্ত সঁহাৰি জনোৱাৰ ক্ষেত্ৰতো এই মঞ্চ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। যেতিয়া তথ্যসমূহ দ্ৰুতগতিত বিস্তাৰ হয়, তেতিয়া তথ্যৰ সত্যতা, বিশ্বাসযোগ্যতা আৰু জনস্বার্থই সদায় চৰকাৰী যোগাযোগক পথ প্ৰদৰ্শন কৰিব বুলি তেওঁ সঁজোৰে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।