ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক ৰাষ্ট্ৰপতি মুৰ্মুৰ সাক্ষাৎ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। ব্ৰীকচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে সম্প্ৰতি নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰমক লৈ মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত আলোচনা আৰু কূটনীতিৰ মাজেৰে সকলো বিষয় নিস্পত্তি কৰা উচিত বুলি ভাৰতে অবিৰতভাৱে গ্ৰহণ কৰি অহা স্থিতিৰ বিষয়ে দোহাৰে।

তেওঁ লগতে অঞ্চলটোত দীর্ঘকালীন শন্তি আৰু সুস্থিৰতাৰ বাবে নৌ পৰিবহন আৰু বাণিজ্যৰ স্বাধীনতা তথা নাৱিকসকলৰ কল্যাণ নিশ্চিত কৰি নিৰন্তৰ প্ৰয়াস চলোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।