September 12, 2026 4:45 PM

views 9

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক ৰাষ্ট্ৰপতি মুৰ্মুৰ সাক্ষাৎ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। ব্ৰীকচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে সম্প্ৰতি নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰমক লৈ মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত আলোচনা আৰু কূটনীতিৰ মাজেৰে সকলো বিষয় নিস্পত্তি কৰা উচিত বুলি ভাৰতে অবিৰতভাৱে গ্ৰহণ কৰি অহা স্থিতিৰ বিষয়ে দোহাৰে। তেওঁ লগতে অ...

August 9, 2026 12:23 PM

views 33

বাশ্বিংটনে বিশ্বাসৰ পৰিবেশ গঢ়ি তুলিলে আমেৰিকাৰ সৈতে স্বাক্ষৰিত চুক্তিৰ অধীনত তেহৰানে শান্তিৰ পথত অগ্ৰসৰ হ’ব বুলি ইৰাণৰ ৰাষ্ট্ৰপতিৰ প্ৰকাশ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেক্সিয়ানে, বাশ্বিংটনে বিশ্বাসৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰিলে শেহতীয়াকৈ আমেৰিকাৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত তেহৰানে শান্তিৰ পথত অগ্ৰসৰ হ'ব বুলি প্ৰকাশ কৰিছে। এখন সংবাদ মেলত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কোনো চুক্তিত উপনীত হোৱাৰ বাবে এয়া হৈছে উপযুক্ত সময়, কাৰণ দেশখনত বর্তমান সংহতি, ক্ষমতা আৰু ঐক্য বৰ্তি আছে। ইয়াৰ পূৰ্বে ৰাষ্ট্রপতি পেজেক্সিয়ানে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে আলোচনা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ লগতে তেহৰানে আত্মসমর্পন কৰিবলৈ বাধ্য নহ'ব বু...

May 20, 2024 1:10 PM

views 58

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি

হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যু হোৱা ঘটনাত প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আনহাতে বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰেও এই খবৰ পাই স্তম্ভিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। ডº জয়শংকেৰ তেওঁলোকৰ সৈতে যোৱা জানুৱাৰী মাহত হোৱা সাক্ষাৎকাৰৰ কথা স্মৰণ কৰি কয় যে এই শোকাৱহ দুঘৰ্টনাৰ সময়ত ভাৰত সদায় ইৰাণৰ লগত আছে।

May 19, 2024 8:58 PM

views 61

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু উচ্চপদস্থ বিষয়াক কঢ়িয়াই অনা এখন হেলিকপ্টাৰ ইৰাণৰ উত্তৰ-পশ্চিম অঞ্চলত আজি দুৰ্ঘটনাগ্ৰস্ত হয়। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনাই এই খবৰ নিশ্চিত কৰিছে। এতিয়ালৈকে কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই। আজাৰবাইজানৰ সীমান্তৰ সমীপৰ বান্ধ এটাৰ উদ্বোধনী অনুষ্ঠানৰ পৰা উভতি আহিছিল ৰাষ্ট্ৰপতি ৰাইছি।