ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেক্সিয়ানে, বাশ্বিংটনে বিশ্বাসৰ পৰিবেশ গঢ়ি তোলাত সহায় কৰিলে শেহতীয়াকৈ আমেৰিকাৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত তেহৰানে শান্তিৰ পথত অগ্ৰসৰ হ’ব বুলি প্ৰকাশ কৰিছে।
এখন সংবাদ মেলত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কোনো চুক্তিত উপনীত হোৱাৰ বাবে এয়া হৈছে উপযুক্ত সময়, কাৰণ দেশখনত বর্তমান সংহতি, ক্ষমতা আৰু ঐক্য বৰ্তি আছে।
ইয়াৰ পূৰ্বে ৰাষ্ট্রপতি পেজেক্সিয়ানে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে আলোচনা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ লগতে তেহৰানে আত্মসমর্পন কৰিবলৈ বাধ্য নহ’ব বুলিও উল্লেখ কৰে।