ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ কাৰ্যকালৰ ৪ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আজি ভার্চুৱেলযোগে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসঙ্গত তেওঁ জাতিটোৰ উন্নয়ন আৰু সাংস্কৃতিক নৱজাগৰণ সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত চাৰি বছৰত ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আত্ম-গৌৰৱবোধক সৰ্বাংগীন উন্নতিৰ সমান্তৰালভাৱে পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰা হৈছে।
সমগ্ৰ দেশতে ভাৰতীয়ৰ মনোভাৱ আৰু অধিক সবল কৰি তোলা চৰকাৰৰ প্ৰধান উদ্দেশ্য বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। যোৱা চাৰি বছৰত ঔপনিবেশিক মানসিকতাৰ অৱশিষ্টসমূহ নিৰ্মূল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে। জাতিটোৱে এতিয়া নিজৰ শিপালৈ উভতি আহিছে আৰু নিজৰ সাংস্কৃতিক তথা গণতান্ত্রিক আদৰ্শক লৈ গৌৰৱবোধ কৰিছে বুলি শ্ৰীমতী মুৰ্মুৱে মন্তব্য কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত কৰ্মচাৰীসকলৰ শিশুসকলৰ বাবে বচপন বাল পৰিচয় উদ্বোধন কৰে। এই পদক্ষেপত শিশুসকলৰ বাবে কিলকাৰী আৰু সমৰ্থ অংগনবাড়ী নামেৰে শিশুৱে খেলা-ধূলা কৰিব পৰা এটা পৰিবেশ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে বাল পৰিচয় পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে মত-বিনিময় কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে সেউজ আৰু সৰ্বাংগীন গতিশীলতাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া বৈদ্যুতিক বাছ সেৱা ৰাহি মুকলি কৰে। ৰাষ্ট্ৰপতি ভৱনৰ কৰ্মচাৰী আৰু বাসিন্দাসকলৰ বাবে মহিলাৰ দ্বাৰা পৰিচালিত এই বাছ সেৱা উপলব্ধ কৰোৱা হৈছে। মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে নিৰাপদ আৰু সুৰক্ষিত গতিশীলতা প্ৰদান কৰাই এই বাছ সেৱাৰ মূল উদ্দেশ্য। তদুপৰি ৰাষ্ট্ৰপতি ভৱনলৈ অহা দৰ্শনাৰ্থীৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে এপ্-ভিত্তিক বহুভাষিক ই-অডিঅ’ গাইডো মুকলি কৰিছে। ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত আন ১৪টা ভাষাকে ধৰি হিন্দী আৰু ইংৰাজী ভাষাত উপলব্ধ এই ই-অডিঅ’ গাইডত সাংকেতিক ভাষাও সন্নিৱিষ্ট কৰা হৈছে ৷