নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলেৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ 

নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলেই ২০২৫ চনৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ কৰিছে।

যোৱা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বস্ত্ৰ শিল্প বঁটা ২০২৫ গ্ৰহণ কৰি কালি মাজুলীত উপস্থিত হোৱাৰ লগে লগে শিপিনীগৰাকীক কমলাবাৰী ফেৰী ঘাটত হস্ততাঁত বস্ত্রশিল্প বিভাগ, মাজুলী খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাটাও দল-সংগঠন তথা গাঁওবাসীয়ে আদৰণি জনায়।

কৰতিপাৰ মহৰি চুকতো ঢোল-ডগৰে ফুল-গামোচা পিন্ধাই শিপিনীগৰাকীক আদৰণি জনোৱা হয়।