July 22, 2026 10:01 PM | Droupadi Murmu

printer

উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তি উন্মোচন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা আবক্ষ মূৰ্তি উন্মোচন কৰে। 

এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্রীমতী মুৰ্মুৱে কয় যে মহাত্মা গান্ধী ভাৰতৰ আছিল যদিও তেওঁৰ সত্য আৰু অহিংসাৰ বাৰ্তা বিশ্বৰ সকলো মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। বর্তমান বিশ্বত সৃষ্টি হোৱা সংঘাত, অসহিষ্ণুতা, বিভাজন আদিৰ বাবে গান্ধীৰ মতাদৰ্শ অতি প্রাসঙ্গিক।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।