পূজ্য মাতা চাহিব হাচি দেৱী জীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে ২০০ টকীয়া মুদ্ৰা মুকলি ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি চত্তিশগড়ৰ ৰায়পুৰৰ লোকভৱনত পূজ্য মাতা চাহিব হাচি দেৱী জীৰ ২০০ সংখ্যক জয়ন্তী উপলক্ষে এটি ২০০ টকীয়া মুদ্ৰা মুকলি কৰে। এই অনুষ্ঠানত ভিন ভিন সম্প্ৰদায়ৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।

পূজ্য মাতা চাহিব হাচি দেৱী জী সিন্ধি সম্প্ৰদায়ৰ পৱিত্ৰ আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰৰূপে খ্যাত ঐতিহাসিক ছাদানি দৰবাৰৰ পঞ্চমগৰাকী মুৰব্বী আছিল। এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে নুৱাখাই উৎসৱৰ অংশৰূপে ৰায়পুৰৰ চৰ্দাৰ বলবীৰ সিং জুনেজা ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত সেৱা সন্মান পর্ব আৰু যুৱ প্রবোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।

কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে মা দন্তেশ্বৰী মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্টাৰ দশেৰাৰ অন্যতম মুখ্য অনুষ্ঠান পৰম্পৰাগত মুৰীয়া দবাৰত উপস্থিত থাকি জনজাতীয় নেতা, পুৰোহিত আৰু থলুৱা জনগোষ্ঠীসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।