ফ্লাইডুবাইৰ সাহসী পাইলট তথা ভাৰতীয় নাগৰিক কেপ্তেইন স্মিত মচ্চাৰৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে।
মন্ত্রালয়ে এটা বিবৃতিযোগে প্রকাশ কৰিছে যে চৌদি আৰৱৰ তবুকৰ এখন চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ পাছত পাইলটগৰাকীক উন্নত চিকিৎসাৰ বাবে আবুধাবিলৈ স্থানান্তৰিত কৰা হৈছে।
সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইত থকা ভাৰতীয় ৰাষ্ট্রদূতগৰাকীয়ে কেপ্তেইন মচ্চাৰক চিকিৎসালয়ত সাক্ষাৎ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পূৰ্বে ৰাষ্ট্রদূতগৰাকীয়ে তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু কেপ্তেইনগৰাকীৰ স্বাস্থ্যৰ বাবে যথাসম্ভৱ সহায় কৰা হ’ব বুলি আশ্বাস দিয়ে।
আবুধাবিত থকা ভাৰতীয় দূতাবাস আৰু ডুবাইত থকা বাণিজ্যিক দূতাবাসে বিষয়টো সন্দর্ভত স্থানীয় কর্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে পুনৰাই কেপ্তেইন স্মিত মচ্চাৰৰ সাহসিকতা আৰু বীৰত্বৰ প্ৰতি প্ৰণিপাত জনাইছে। মন্ত্রালয়ে লগতে নিজৰ অদম্য সাহসৰ বাবে সমগ্র বিশ্বত লাভ কৰা প্ৰশংসা আৰু সমর্থনৰ শলাগ লৈছে।