October 2, 2026 10:12 AM | mahatma gandhi jaynti

printer

জাতিৰ পিতা মহাত্মা গান্ধীলৈ ১৫৭ সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি

সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৭ সংখ্যক জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে।

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয় যে বিশ্বৰ বিভিন্ন অংশত অব্যাহত থকা যুদ্ধ আৰু সংঘৰ্ষৰ্জৰ্জৰ পৰিস্থিতিত মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ বাৰ্তা অধিক প্রাসঙ্গিক হৈ উঠিছে। তেওঁ কয় যে, বিশ্ব সম্প্রদায়ে গান্ধীৰ জীৱন আৰু আদৰ্শৰাজিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও আজি পুৱা ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্রদ্ধাঞ্জলি জনায়।

ৰাজ্যৰ ভিন্ন প্রান্ততো জাতিৰ পিতাগৰাকীলৈ শ্রদ্ধা জনাই গান্ধী জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৫২ নম্বৰ বেটেলিয়নে চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে।

দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ ১২২ সংখ্যক জন্মবার্ষিকী উপলক্ষে প্রাক্তন প্রধানমন্ত্রীগৰাকীলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে।