October 2, 2026 10:12 AM
27
জাতিৰ পিতা মহাত্মা গান্ধীলৈ ১৫৭ সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি
সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৭ সংখ্যক জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয় যে বিশ্বৰ বিভিন্ন অংশত অব্যাহত থকা যুদ্ধ আৰু সংঘৰ্ষৰ্জৰ্জ...