জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে। লাভলীনা বৰগোঁহায়ে আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অর্জন কৰি ইতিহাস ৰচনা কৰে।
লাভলীনাই ফাইনেলত চীনৰ বাও ঝিয়িক ৫-০ ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অর্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰৰূপে পৰিগণিত হয়। ইয়াৰ পূর্বে ২০১৪ চনত মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল।
একেদৰে, ভাৰতৰ মহিলা আৰ্চাৰী দলে আজি ৰিকাৰ্ড শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। অংকিতা ভকত, কীর্তি শৰ্মা আৰু কুমকুম মোহোদক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত বিশ্ব চেম্পিয়ন তথা ১০ বাৰৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক ৫-৩ ফলাফলত পৰাভূত কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বর্ণপদক।
আৰ্চাৰীত ভাৰতীয় মিক্সড ৰিকাৰ্ড দলে ৰূপৰ পদক লাভ কৰে। কুমকুম মোহোদ আৰু ধীৰাজ বোম্বাদেৱৰা আজি ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে ৩-৫ ফলাফলত পৰাজিত হয়। নাও চালনাত নেত্রা কুমাননে মহিলাৰ ডিঙা শিতানৰ ব্ৰঞ্জৰ পদক হস্তগত কৰে। ২৯ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে এই শিতানত ১৪ পইণ্টেৰে সামগ্ৰীকভাৱে তৃতীয় স্থান লাভ কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এছিয়ান গেমছত সোণৰ পদক অর্জন কৰা লাভলীন বৰগোহাঁইক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত ড° শর্মাই কয়, যে জন্মদিনৰ দিনাই দেশৰ বাবে সোণৰ পদক অর্জন কৰাতকৈ আনন্দদায়ক আন একোৱেই হ’ব নোৱাৰে। খেলুৱৈগৰাকীৰ সাফল্যক লৈ দেশ আৰু ৰাজ্য গৌৰাৱান্দিত বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতীয় বক্সিঙৰ ইতিহাসত এই বিজয় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব।
ভাৰত সম্প্রতি এছিয়ান গেমছত এতিয়ালৈকে ১২টা সোণ, ২৪টা ৰূপ আৰু ৩৪টা ব্রঞ্জ পদকসহ মুঠ ৭০টা পদেকেৰে তালিকাৰ ষষ্ঠ স্থানত আছে।