October 2, 2026 12:39 PM
14
এছিয়ান গেমছত অসম কন্যা লাভলীনা বৰগোঁহাইৰ মহিলাৰ বক্সিঙত সোণৰ পদক অর্জন
জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে। লাভলীনা বৰগোঁহায়ে আজি মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অর্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাও ঝিয়িক ৫-০ ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অর্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰৰূপে পৰিগণিত হয়। ইয়াৰ পূর্বে ২০১৪ চনত মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল। একেদৰে, ভাৰতৰ মহিলা আৰ্চাৰী দলে আজি ৰিকাৰ্ড শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে...