কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ ড০ অজয় কুমাৰে আয়োগৰ সদস্যসকলৰ সৈতে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ড০ কুমাৰে ৰাষ্ট্ৰপতিক আয়োগৰ ৭৬ সংখ্যক বার্ষিক প্ৰতিবেদন দাখিল কৰে। ইয়াৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উপলক্ষে প্ৰকাশ কৰা স্মাৰক মুদ্রা আৰু এটা ডাক টিকটো ৰাষ্ট্ৰপতিক প্ৰদান কৰে।
Assamese | October 29, 2026 9:15 PM | Akashvani | Akashvani News | President of india
ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ ড০ অজয় কুমাৰৰ