October 24, 2025 6:26 PM

views 102

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি শ্ৰীৰাধাকৃষ্ণণে কয় যে ভাৰত-তিববত সীমান্ত সুৰক্ষা আৰক্ষীৰ জোৱানসকলে হিমালয়ৰ প্ৰান্তীয় অঞ্চলত দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰথমশাৰীত থিয় হৈ সেৱা আগবঢ়ায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত-তিববত সীমান্ত আৰক্ষীয়ে জন্ম লগ্নৰে পৰা নিজৰ সাহস, শৃংখলাবদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশৰ সীমান্ত আৰু জনসাধাৰণক নিৰাপত্তা দি আহিছে। তেওঁ কয় যে ...

September 25, 2025 9:59 PM

views 67

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম-জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে পণ্ডিত দীনদয়াল উপাধ্যায়ে অত্যন্ত সৰল আৰু গভীৰ চিন্তাৰে জীৱন অতিবাহিত কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ জেপত মাত্র পাঁচ টকাহে আছিল। তেওঁ সংস্কৃতি, কৰুণা আৰু মানৱতাবাদেৰে আৱেষ্টিত এখন ভাৰতৰ কল্পনা কৰিছিল। তেওঁ ভাৰতৰ এজন প্ৰকৃত সেৱক আছিল। উপাধ্যায়ক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত মাতৃৰ তেওঁ এখন মহান পুত্ৰ তথা মানৱ...

September 22, 2025 7:36 PM

views 56

দিল্লীত প্রধানমন্ত্ৰী মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তৃতা সম্বলিত দুখন গ্ৰন্থ উন্মোচন কৰে। ' ছবকা ছাথ ছবকা বিকাশ ছবকা বিশ্বাস ছবকা প্রয়াস' শীর্ষক এই সংকলন দুটাৰ উন্মোচনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক দেশ আৰু বিদেশৰ কোটি কোটি লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে৷

August 18, 2025 8:49 PM

views 62

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী চি পি ৰাধাকৃষ্ণণৰ প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে উপৰাষ্ট্ৰপতি পদ এন ডি এ প্রার্থী শ্ৰীৰাধাকৃষ্ণণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণণৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই ভাৰতক বহু পৰিমাণে সংদ্ধ কৰিব। শ্রীমোদীয়ে এতিয়াৰ দৰেই শ্ৰীৰাধাকৃষ্ণণক নিষ্ঠা আৰু সংকল্পৰে সৈতে জাতিৰ হ'কে সেৱা আগবঢ়াই যোৱাৰ আশা প্ৰকাশ কৰে।

August 7, 2025 9:19 PM

views 61

জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ

এন ডি এ-য়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত এখন সংবাদ মেলযোগে এই বিষয়ে প্ৰকাশ কৰি কয়, যে সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠকত আজি সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হব। এই পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট ধাৰ্য কৰা হৈছে। ...

April 25, 2025 9:23 PM

views 69

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছেঃ উপ-ৰাষ্ট্ৰপতি

সুস্থ অর্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব খ্যাতিৰে ভাৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু প্ৰচুৰ সম্ভাৱনাপূর্ণ নৱপ্ৰজন্ম ভৱিষ্যতৰ নেতা হিচাপে বিকশিত কৰাৰ বাবে এটা উন্নয়নমূলক পৰিবেশৰ সৃষ্টি কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি তামিলনাডুৰ ৰাজ্যিক, কেন্দ্ৰীয় আৰু ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ দুদিনীয়া বৈঠক আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এইদৰে কয়। উদ্যোগ আৰু অন্যান্য বাণিজ্যিক প্রতিষ্ঠানসমূহক উদ্দেশ্যি শ্রীধনখড়ে কয় যে তেওঁলোকে প্ৰতিষ্ঠানসমূহত গৱেষণা আৰু উন্নয়নমূলক কাম-কা...

March 30, 2025 10:07 PM

views 65

ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অংশগ্ৰহণ

■ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে কয়, যে গোলকীয় পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। উদ্ভাৱনীমূলক কৌশলৰ জৰিয়তে পৰিৱেশগত বহনক্ষমতা তথা অর্থনৈতিক প্রগতি ত্বৰান্বিত হয় বুলিও তেওঁ প্ৰকাশ কৰে। পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰিবলৈ তেওঁ নাগৰিকসকললৈ আহ্বান জনায়। কোনো ব্যক্তি, গোট তথা এখন দেশে অকলে পৰিৱেশৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলিও তেওঁ প্ৰকাশ কৰে।

January 24, 2025 5:27 PM

views 63

ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কপূৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিলঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিল, যিয়ে বিভিন্ন সংস্কাৰসমূলক পদক্ষেপৰ জৰিয়তে বিহাৰত নৱ- জাগৰণৰ সূচনা কৰিছিল। বিহাৰৰ ছমষ্টিপুৰৰ কপূৰি গাঁৱত আজি কপূৰি ঠাকুৰৰ ১০১ সংখ্যক জন্ম বার্ষিকী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমাজ সংস্কাৰত বিপ্লৱী পুৰুষগৰাকীৰ ভূমিকাত আলোকপাত কৰে। শ্ৰী ধনখড়ে কয়, যে কৰ্পূৰি ঠাকুৰে সামাজিক ন্যায়ৰ বাবে সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ, মাতৃভাষা মাধ্যমত শিক্ষা, অসবর্...

January 11, 2025 9:24 PM

views 58

বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন উপৰাষ্ট্ৰপতি ধনখড়ৰ

দেশত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা কৰা আৰু জনসাধাৰণৰ প্ৰতি জবাবদিহি হোৱাটোৱে যথেষ্ট নহয় বৰং এই প্রক্রিয়াসমূহ নিকা যেন লগাটোও অত্যন্ত প্রয়োজন। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয় যে কাৰ্যপালিকাৰ প্ৰভাৱৰ পৰা মুক্ত তথা ব্যক্তিগত স্বার্থ পূৰণ, স্বজনতোষণ আৰু পক্ষপাতিত্বৰ পৰা মুক্ত এখন স্বতন্ত্র আয়োগ গঠন কৰাটো প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ লক্ষ্য আছিল। উপ...

December 14, 2024 3:16 PM

views 73

উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰঃ উপ ৰাষ্ট্ৰপতি ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰ। তেওঁ ভাৰতীয় ডাক আৰু দূৰ সংযোগ গণনা আৰু বিত্ত সেৱা বিভাগৰ নতুন দিল্লীত অনুষ্ঠিত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এইদৰে কয়। সঠিক ব্যাখ্যা আৰু আলোচনাই উভয় পক্ষকে উপকৃত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমন্বয়েই হ’ল দুয়োপক্ষৰ সাফল্যৰ চাবিকাঠী। আত্মসমালোচনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে আধুনিক অসামৰিক সেৱাৰ লোকসকল প্রযুক্তিগত ভাৱে আগবঢ়া হ’ব লাগে আৰু পৰম্পৰাগত প্ৰশাসনিক সীমা অতিক্ৰম কৰ...