ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথিত শ্রদ্ধা নিবেদন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথিত শ্রদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ড° মুখার্জী এগৰাকী দূৰদৃষ্টিসম্পন্ন নেতা, বিশিষ্ট শিক্ষাবিদ আৰু দেশপ্রেমিক আছিল।

তেওঁ কয়, যে ড° মুখাৰ্জীয়ে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিৰ্ভীকভাৱে মাত মাতি গৈছিল। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এখন শক্তিশালী, একতাপূৰ্ণ আৰু উন্নয়নশীল ভাৰত গঢ়াৰ নিমিত্তে ড° মুখাৰ্জীৰ ত্যাগ ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাদায়ক হৈ ৰব।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট শিক্ষাবিদ, দেশপ্রেমিক ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পূণ্যতিথিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে ড° মুখার্জীয়ে দেশৰ উন্নয়নৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল।

তেওঁ লগতে কয়, যে ড° মুখাৰ্জীৰ সাহস আৰু ৰাষ্ট্ৰীয় স্বার্থত প্রতিশ্রুতিবদ্ধতাই প্ৰতিটো প্ৰজন্মকে অনুপ্রাণিত কৰি আহিছে। প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ড° মুখাৰ্জীৰ সামগ্ৰিক ত্যাগক দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে। তেওঁ লগতে কয়, যে এখন শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে ড° মুখাৰ্জীয়ে তেওঁৰ জীৱনৰ শেষ মুহূৰ্তলৈ অৱদান আগবঢ়াইছিল।