উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে সুস্থ, সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্র-ছাত্রী একেলগে ওলাই অহা কার্য অতি প্রশংসনীয়।

তেওঁ সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহক মাদক দ্ৰৱ্য সেৱনৰ পৰা আঁতৰি থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

শ্ৰীৰাধাকৃষ্ণণে লগতে দেশৰ আন শিক্ষা প্রতিষ্ঠানসমূহকো নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।