উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে উপৰাষ্ট্ৰপতি পদ এন ডি এ প্রার্থী শ্ৰীৰাধাকৃষ্ণণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণণৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই ভাৰতক বহু পৰিমাণে সংদ্ধ কৰিব। শ্রীমোদীয়ে এতিয়াৰ দৰেই শ্ৰীৰাধাকৃষ্ণণক নিষ্ঠা আৰু সংকল্পৰে সৈতে জাতিৰ হ’কে সেৱা আগবঢ়াই যোৱাৰ আশা প্ৰকাশ কৰে।
Assamese | August 18, 2025 8:49 PM | Akashvani News | C. P. Radhakrishnan | narendra modi | PMO India | VP India
উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী চি পি ৰাধাকৃষ্ণণৰ প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ