চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ শুভেচ্ছা জ্ঞাপন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত চিকিৎসকলকৰ নিষ্ঠা, সহমর্মিতা, দক্ষতা আৰু সমৰ্পনৰ শলাগ লয়। তেওঁ কয় যে বিগত বছৰসমূহত দেশে স্বাস্থ্য সেৱা খণ্ডত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ সৰ্ববৃহৎ কোভিড-১৯ প্রতিষেধক প্রদান অভিযান, আয়ুষ্মান ভাৰত পদক্ষেপৰ জৰিয়তে সুলভ স্বাস্থ্য সেৱাৰ সুবিধা, স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উন্নত স্বাস্থ্য সেৱাৰ দিশত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ডিজিটেল স্বাস্থ্য সেৱাৰ বিকাশত আলোকপাত কৰে।

জৰুৰী সময়ত ৰোগীৰ জীৱনক সুৰক্ষা প্ৰদানৰ পৰা আৰম্ভ কৰি উদ্ভাৱন আৰু গৱেষণাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিলৈ চিকিৎসকসকলৰ নিৰন্তৰ সেৱাই কৰ্তব্য, ত্যাগ আৰু সহমর্মিতাৰ উচ্চ নিদর্শন দাঙি ধৰে বুলি শ্ৰীৰাধাকৃষ্ণণে উল্লেখ কৰে।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই চিকিৎসক দিৱস উপলক্ষে তেওঁলোকৰ অটল নিষ্ঠাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এটা ভিডিঅ’ বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ পেছাদাৰিত্ব আৰু মানৱতাৰ প্ৰতি সহমর্মিতাৰ সেৱাৰ শলাগ লয়।