July 1, 2026 8:01 PM

views 3

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্যসূচীৰ আয়োজন

ৰাষ্ট্ৰীয় চিকিৎসক দিবস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে অংশগ্রহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি চিকিৎসকসকলৰ দায়বদ্ধতা পুনৰাবৃত্তি কৰাৰ উপৰি তেওঁলোকৰ মানসিক আৰু শাৰিৰীক সুস্থতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেবা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কার্যসূচীত জিলা চিকি...

July 1, 2026 2:39 PM

views 8

চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ শুভেচ্ছা জ্ঞাপন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত চিকিৎসকলকৰ নিষ্ঠা, সহমর্মিতা, দক্ষতা আৰু সমৰ্পনৰ শলাগ লয়। তেওঁ কয় যে বিগত বছৰসমূহত দেশে স্বাস্থ্য সেৱা খণ্ডত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ সৰ্ববৃহৎ কোভিড-১৯ প্রতিষেধক প্রদান অভিযান, আয়ুষ্মান ভাৰত পদক্ষেপৰ জৰিয়তে সুলভ স্বাস্থ্য সেৱাৰ সুবিধা, স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উন্নত স্বাস্থ্য স...