ৰাষ্ট্ৰীয় চিকিৎসক দিবস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে অংশগ্রহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি চিকিৎসকসকলৰ দায়বদ্ধতা পুনৰাবৃত্তি কৰাৰ উপৰি তেওঁলোকৰ মানসিক আৰু শাৰিৰীক সুস্থতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেবা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কার্যসূচীত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চুতীয়া, যুটীয়া স্বাস্থ্য সেবা সঞ্চালক ডাঃ যোগেন চন্দ্র বে’কে ধৰি অর্ধশতাধিক চিকিৎসা কর্মীয়ে অংশগ্ৰহণ কৰে।
মৰিগাঁও জিলাতো অসম চিকিৎসা সেবা সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়।
নগাঁও জিলাত এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত আজি পুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসে এই শিবিৰ মুকলি কৰে। এই শিবিৰত চিকিৎসকসকলৰ লগতে জিলা আৰক্ষী বিষয়াসকলেও ৰক্তদান কৰে। কাৰ্যসূচীৰ অংশ হিচাপে আজি নিশা বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্র-ছাত্রীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।