সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতাঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কৈছে যে সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতা। নতুন দিল্লীৰ শ্ৰীলাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰি আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য দিয়ে। তেওঁ কয়, যে প্ৰতিটো ভাৰতীয় ভাষাই মহান আৰু প্ৰতিটো ভাষাই দেশৰ বৰ্ণাঢ্য সংস্কৃতিলৈ অৱদান যোগাই আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যান্য ভাষাৰ লগতে সংস্কৃতি ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও উদ্যোগ লৈ আহিছে বুলি শ্ৰীৰাধাকৃষ্ণণে প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ত ভাৰতীয় জ্ঞান পদ্ধতিত বিশেষ গুৰুত্ব দি এই দৃষ্টিভংগী শক্তিশালী কৰি তোলাৰ ব্যৱস্থা লোৱা হৈছে। তেওঁ কয়, যে এই কথাই শৈক্ষিক কাৰ্যসূচীত ভাৰতীয় জ্ঞান পদ্ধতিক অন্তৰ্ভুক্ত কৰাত বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰিব।

বিশ্বৰ বিজ্ঞান, সাহিত্য আৰু দৰ্শন ক্ষেত্ৰত সংস্কৃতৰ মহত্বপূৰ্ণ স্থান আছে বুলি উল্লেখ কৰি শ্ৰীৰাধাকৃষ্ণণে কয়, যে আনকি এতিয়াও সংস্কৃতৰ বিৰল পাণ্ডুলিপিসমূহ কেৱল ভাৰততে নহয় বৰং নেপাল, তিববত আৰু চীনকে ধৰি বিভিন্ন দেশত বিচাৰি পোৱা যায়। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা জ্ঞান ভাৰতম অভিযানক অন্যতম তাৎপৰ্যপূৰ্ণ উদ্যোগ বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বৰ্ণনা কৰে।

নিজৰ ভাষণত কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে কয়, যে নিজৰ বৰ্ণাঢ্য পৰম্পৰাৰ সৈতে আধুনিক প্ৰযুক্তিৰ সমন্বয় ঘটাই ভাৰত বৰ্তমান খৰতকীয়াকৈ আগবাঢ়ি গৈছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতীয় ভাষা আৰু পৰম্পৰাক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে যাতে শিক্ষার্থীসকল তেওঁলোকৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে।