‘‘ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰৱৰ্তন কৰাটো দেশৰ আইনী সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ’’ -উপৰাষ্ট্ৰপতি

ঔপনিৱেশিক যুগৰ ৩ খন ফৌজদাৰী আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰৱৰ্তন কৰাটো দেশৰ আইনী সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত সহযোগিতামূলক যুক্তৰাষ্ট্ৰ আৰু আইনী সংস্কাৰ ৰাষ্ট্ৰীয় ৰাজ্যিক দৃষ্টিভংগী শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিসনখন উদ্বোদন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়।

তেওঁ কয়, যে আইনী গাঠনি সৰল আৰু আধুনিকীকৰণৰ লক্ষ্যৰে চৰকাৰে যোৱা ১২ বছৰত ১,৭০০ ৰো অধিক পুৰণি আৰু অপ্রয়োজনীয় আইন বাতিল কৰিছে। টীম ইণ্ডিয়া দৃষ্টিভংগীক গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অধিক আলোচনা, সহযোগিতা আৰু দায়িত্বৰ ভাগবটোৱাৰাৰ বাবে আহ্বান জনোৱাৰ লগতে বৃহত্তৰ জনস্বাৰ্থৰ ক্ষেত্ৰত ৰাজনৈতিক মতভেদ কেতিয়াও বাধা হ’ব নালাগে বুলি মন্তব্য কৰে।

সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সংবিধানে শক্তিশালী কেন্দ্ৰৰ সৈতে ৰাজ্যসমূহৰ সাংবিধানিক দায়িত্ব আৰু ন্যায় সংগত স্বতন্ত্ৰতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে।

এই সন্মিলনৰ পৰা বাস্তৱসন্মত আৰু কাৰ্যকৰী পৰামৰ্শৱলী ওলাই আহিব বুলিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্রকাশ কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্য বাস্তবায়িত কৰিবলৈ ব্যাপক আইনী সংস্কাৰৰ প্রয়োজন, যাৰ মূল আধাৰ হ’ব উপযুক্ত আইন, স্বচ্ছ প্রতিষ্ঠান, দক্ষ প্ৰশাসন আৰু সকলোৰে বাবে ন্যায়ৰ সুবিধা ক্ষমতা প্রয়োগ কৰাৰ পৰিৱৰ্তে সুশাসনহে স্থায়ী সফলতা আৰু সমৃদ্ধিৰ মূল আধাৰ বুলিও তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে কয়, যে একবিংশ শতিকাত ভাৰত কেৱল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে নহয়, বৰঞ্চ গণতন্ত্ৰৰ মাতৃ হিচাপেও স্বীকৃত হৈছে। তেওঁ কয়, যে ভাৰতৰ প্রাচীন গণৰাজ্য আৰু সামূহিক আলোচনাৰ চহকী পৰম্পৰাই জনসাধাৰণৰ অংশ গ্রহণক শক্তিশালী কৰি তুলিছে।

শ্ৰী মেঘৱালে কয়, যে এই ঐতিহ্যই মতভেদ থকা সত্বেও জনকল্যাণক কেন্দ্ৰ কৰি সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অবিৰত আলোচনাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাষা, সংস্কৃতি আৰু আঞ্চলিক আকাংক্ষাই বৈচিত্র্য থকা স্বত্বেও আইন শাসন আৰু ন্যায়ৰ প্ৰতি থকা উমৈহতীয়া প্রতিশ্রুতিবদ্ধতাই সমগ্ৰ দেশখনক একত্ৰিত কৰি ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।