August 1, 2026 9:59 PM | Guwahati University

printer

গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা কোৱাণ্টাম প্রযুক্তি বিষয়ত স্নাতক মাইনৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ

গুণগত শিক্ষা, উদ্ভাৱনীমূলক গৱেষণা আৰু ভৱিষ্যতমুখী শিক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৬-২৭ শিক্ষা বৰ্ষৰ পৰা কোৱাণ্টাম প্রযুক্তি বিষয়ত স্নাতক মাইনৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ অধীনত আৰম্ভ কৰা এই পাঠ্যক্ৰম বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগে পৰিচালনা কৰিব। 

ইয়াৰ জৰিয়তে ভৱিষ্যতৰ প্ৰয়োজনৰ সৈতে সংগতি ৰাখি দক্ষ মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰিব যিয়ে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছন আৰু বিকশিত ভাৰত ২০৪৭ৰ সপোন বাস্তবায়িত কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।